SRD শিক্ষকসকলৰ সংগঠন সম্পৰ্কীয় স্পষ্টীকৰণ আৰু বেতন সমস্যাৰ সমাধানৰ বাবে আবেদন-পত্ৰ

1,303

The Issue

প্রতি,  
মাননীয় শিক্ষামন্ত্রী মহোদয়¸ 
অসম চৰকাৰ
দিছপুৰ¸  গুৱাহাটী

বিষয়: SRD শিক্ষকসকলৰ সংগঠন সম্পৰ্কীয় স্পষ্টীকৰণ আৰু বেতন সমস্যাৰ সমাধানৰ বাবে আবেদন-পত্ৰ

মাননীয় মহোদয়,  
সশ্রদ্ধ প্রণাম নিবেদন।

আমি, অসমৰ বিভিন্ন জিলাৰ SRD শিক্ষক-শিক্ষয়িত্ৰীসকলে আপোনাক এই মৰ্মে স্পষ্ট কৰিছোঁ যে -

১। আমি SRD শিক্ষকসকল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অবিচ্ছেদ্য অংশ।  
২। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়েই আমাৰ একমাত্ৰ আৰু মুখ্য সংগঠন।  
৩। আমাৰ SRD শিক্ষকসকলৰ কোনো সুকীয়া সংগঠন নাই আৰু ভৱিষ্যতেও নাথাকিব।  
৪। আমি সন্মিলনীৰ লগত আছোঁ আৰু লগত থাকিম।

কিন্তু বৰ্তমান SRD শিক্ষকসকলৰ বেতনক লৈ যি সমস্যাৰ সৃষ্টি হৈছে, সেই বিষয়ত "শিক্ষক কল্যাণ মঞ্চ" নামৰ এটা সংগঠনে আমাক প্ৰতিনিধিত্ব কৰা বুলি ভুৱা প্ৰচাৰ চলাইছে। 

এই মঞ্চ তথাকথিত ভুৱা আৰু কল্যাণ মঞ্চ অগণতান্ত্ৰিকভাৱে বন্ধ কোঠাত গঠন হৈছে। SRD শিক্ষকৰ ৯৯ শতাংশই এই মঞ্চৰ লগত জড়িত নহয়।  
কিন্তু তেওঁলোকৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই আৰু আমি তেওঁলোকক নাজানো।

আমাৰ একমাত্ৰ দাবী:  
আমি আগৰ দৰে আৰু ১০ জন Regular শিক্ষকৰ দৰে ট্ৰেজাৰীৰ জৰিয়তে বেতন বিচাৰোঁ।

গতিকে SRD শিক্ষক সংক্ৰান্তীয় যিকোনো বিষয় কেৱল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ জৰিয়তেই চৰকাৰ আগত দাঙি ধৰা আৰু উক্ত বিষয়ে সমাধান কৰা হওঁক বুলি আন্তৰিকতাৰে অনুৰোধ জনালোঁ।

এই বিষয়ত সন্মিলনীয়ে যি পদক্ষেপ লয় আমি তাত সম্পূৰ্ণ সহযোগিতা কৰিম।

কোনো স্বঘোষিত ব্যক্তি বা সংগঠনে কৰা মন্তব্য/সিদ্ধান্তৰ লগত SRD শিক্ষকৰ কোনো সম্পৰ্ক নাই।

বিনীত শ্রদ্ধাসহকাৰে
SRD শিক্ষক-শিক্ষয়িত্ৰীসকলৰ হৈ। 


প্ৰতিলিপি:  
১। আয়ুক্ত-সচিব, বিদ্যালয় শিক্ষা বিভাগ  
২। সঞ্চালক, প্ৰাথমিক শিক্ষা সঞ্চালকালয়  
৩। মিছন সঞ্চালক, সমগ্ৰ শিক্ষা, অসম  
৪। সভাপতি/সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী

avatar of the starter
Jayabrata NathPetition Starter

Supporter Voices

Petition Updates