Petition to the Hon'ble Chief Minister of Assam for taking up initiative for the Lawyer's.

The Issue
প্রতি, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সমিপেষু,
অসম চৰকাৰ,
তাৰিখ : ইং ৩০/৬ /২০২১
বিষয় : অধিবক্তা সমাজক আৰ্থিক অনুদানৰ বাবে আবেদন।
সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়,
পোনপ্ৰথমে আমাৰ অধিবক্তা সমাজৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আশা কৰো আপোনাৰ সবল তথা দক্ষ নেতৃত্বত আমাৰ ৰাজ্যখন সর্বোতোপ্ৰকাৰে উন্নতিৰ জখলাত আগুৱাই গৈ দেশৰ ভিতৰতে অন্যতম পাঁচ খন সৰ্বাঙ্গসুন্দৰ, শ্ৰেষ্ঠ ৰাজ্য ৰ ভিতৰত এখন হিচাপে পৰিগনিত হব।
আপোনাৰ দীঘলীয়া ৰাজনৈতিক পৰিক্ৰমাত বিভিন্ন সময়ত উদ্ভৱ হোৱা জটিল পৰিস্থিতি তথা সমস্যা সমুহ অতি বিচক্ষণ ভাৱে সমাধানৰ যোগেদি সমগ্র দেশৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ অতিমাৰী কভিড -১৯ মোকাবিলাৰ ক্ষেত্ৰত বিগত বৰ্ষৰ আৰম্ভনিৰ পৰাই আপুনি তৎপৰতাৰে লোৱা পদক্ষেপ আৰু স্বাস্থ্য সেৱাৰ তাৎক্ষনিক সুব্যবস্থাৰ জৰিয়তে আমাৰ ৰাজ্যক ভয়াবহ সংকটৰ পৰা উদ্ধাৰ কৰি যি সেৱা আগবঢ়াইছে সেয়া অসমৰ ৰাইজৰ বাবে চিৰস্মৰণীয় হৈ ৰব। ২০২০হ চনৰ শেষৰ ফালে পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰক্ষিতত আদালত সমুহৰ কাম কাজ পুণৰ গতিশীল হোৱাত আমি অধিবক্তা সমাজে কিছু আশাৰ ৰেঙনি দেখিছিলো যে আমাৰ জীৱনলৈ অর্থনৈতিক নিৰাপত্তা তথা সুস্থিৰতা আহিব। কিন্তু দূৰ্ভাগ্যৰ বিষয় এয়ে যে এইবছৰ এপ্রিল মাহৰ পৰা কভিড -১৯ ৰ দ্বিতীয় ঢৌৱে জনজীৱন সংকটময় কৰাৰ পৰিপ্ৰেক্ষিতত অফিচ- আদালত আদিৰ কাম -কাজ পুণৰ স্থবিৰ হৈ পৰাত আমাৰ অধিবক্তা সমাজ ভয়াবহ ভাবে ক্ষতিগ্রস্থ হৈছো। ভুতৰ ওপৰত দানৱ পৰাদি আন্তঃজিলা যাতায়াত বন্ধ, সান্ধ্য আইন আদিৰ বাবে অধিবক্তা সকলৰ বৃত্তি সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে আৰু বিকল্প আয়ৰ উৎস নথকা হেতু আমাৰ পৰিয়ালবোৰ চৰম আর্থিক সংকটৰ সন্মুখীন হৈ দিশহাৰা অৱস্থাৰ সৃষ্টি হৈছে। চৰকাৰী চাকৰিয়াল তথা ব্যবসায়ী বা আন বৃত্তিধাৰী ব্যক্তি সকলৰ ওপৰত বৰ্তমানৰ পৰিস্থিতিয়ে বিশেষ ভাবে প্ৰভাৱ পৰা নাই যদিও আমাৰ অধিবক্তা সমাজৰ বিকল্প বৃত্তিৰ ক্ষেত্ৰত থকা "অধিবক্তা আইন" ত থকা নিষেধাজ্ঞাৰ বাবে নিৰূপায় অৱস্থাৰ সন্মুখীন হৈছো।
মহাশয়, বৰ পৰিতাপৰ বিষয় এয়ে যে আমাৰ এই অধিবক্তা সমাজে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ সম্মুখীনহোৱা চৰম সংকট তথা দুৰবস্থাৰ কথা বৰ্তমানলৈকে চৰকাৰৰ সহানুভূতি এতিয়া লৈকে পৰিলক্ষতি হোৱা দেখা নাই।
মহোদয়, আপুনি আমাৰ অধিবক্তা সমাজৰেই এজন সুযোগ্য সদস্য হোৱাৰ পৰিপ্ৰেক্ষিতত আমি আশাবাদী যে আপুনি এই বৃত্তিৰ লগত জড়িত সকলো দিশ তথা সমস্যা সমুহ অনুধাৱন কৰি আমাক এই সংকটৰ সময়ত কিছু দিয়াৰ পৰিকল্পনাৰে এক আঁচনি যুগুত কৰি মৰ্য্যাদা সহকাৰে জীয়াই থকাৰ ব্যৱস্থা কৰি দিব। এইক্ষেত্ৰত আমি অনুৰোধ জনাব বিচাৰো যে আৰ্থিক সকাহৰ ক্ষেত্ৰত জেষ্ঠ-কনিষ্ঠ, ভেদাভেদহীন ভাবে সামৰি লোৱাৰ ব্যবস্থা কৰে যেন কাৰন অতিমাৰীয়ে অধিবক্তা সকলৰ প্ৰত্যেক জন সদস্যকে বিৰূপ ধৰণে প্ৰভাৱাম্বিত কৰিছে।
মহোদয়, গোটেই ভাৰতবৰ্ষতে এই অধিবক্তা সমাজ বৃত্তিগত ভাবে ক্ষতিগ্রস্থ হোৱাৰ পৰিপ্ৰেক্ষিতত আমি জানিব পৰা মতে ইতিমধ্যে দিল্লী আৰু কেৰালা চৰকাৰে বিশেষ অর্থনৈতিক আঁচনি ঘোষনা কৰি অধিবক্তা সমাজক কিছু সকাহ দিয়াৰ চেষ্টা চলাইছে।গতিকে মহোদয়ক বিনম্ৰ অনুৰোধ জনাও যে আমাৰ অধিবক্তা সমাজৰ সাম্প্রতিক সমস্যা অনুধাৱন কৰি এক ফলপ্ৰসু অর্থনৈতিক আঁচনিৰ জৰিয়তে ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ অনুসৰি ' জীয়াই থকা ৰ অধিকাৰ ' ৰ আধাৰত অধিবক্তা সমাজক আৰ্থিক ভাৱে কিছু সকাহ দি উপকৃত কৰিব বুলি কামনা কৰিলো।
এয়াই আমাৰ সৰল মিনতি।
ইতি
শ্ৰী বনশ্ৰী গগৈ
অধিবক্তা
গুৱাহাটী উচ্চ ন্যায়ালয়
৭০০২২৩০৫৫৯

Petition Closed
Share this petition
The Decision Makers
Petition Updates
Share this petition
Petition created on 30 June 2021