নাৰীৰ মৰ্যদা ৰক্ষাৰ্থে অসমত ৫০ টা মহিলাৰ বাবে অনুকূল বানশিবিৰ নিৰ্মাণ কৰক

The Issue
দ্ৰুতগতিত বাঢ়ি অহা বানপানীৰ আশংকাই বিতত কৰা পোন্ধৰ বছৰীয়া কিশোৰী ৰীমাৰ* সন্মুখত ভুতৰ ওপৰত দানহ পৰাদি আন এক ঘোৰ সংকটে দেখা দিলেহি -- তাইৰ মাহেকীয়া ঋতুস্ৰাৱ। বানপানীৰ গৰাহৰ পৰা নিজক ৰক্ষা কৰিবলৈ লৰাঢপৰা কৰোতে তাই লগত একো আনিব নোৱাৰিলে । 'চেনিটেৰী পেড' দূৰৰ কথা, এখন পৰিস্কাৰ শুকান কাপোৰো নাই।
অৱশেষত তাই নগাওঁ জিলাত অৱস্থিত হাটবৰ গাঁৱৰ ঘৰৰ পৰা কেইকিলোমিটাৰমান দূৰৰ আশ্ৰয় শিবিৰ পালেগৈ । বানপীড়িত লোকেৰে ঠাহ খাই থকা সেই সমূহীয়া কেন্দ্ৰটোত তাই আন এক অগ্নিপৰীক্ষাৰ সন্মুখীন হ’ল । সেই শিবিৰত তিৰোতাৰ বাবে কোনো সুকীয়া শৌচাগাৰ নাছিল; নাছিল ঋতুস্ৰাৱৰ সময়ত প্ৰয়োজনীয় স্বচ্ছতা আৰু স্বাস্থ্যসন্মত বৱস্থা ল’ৱ পৰা কোনো স্নানাগাৰ । নিজৰ স্কাৰ্টতে ৰক্তস্ৰাৱ কৰাৰ বাহিৰে বেচেৰী ৰীমাৰ কোনো উপায় নাছিল । তেনেদৰে কেইঘন্টামান অশ্বস্তিৰে পাৰ কৰাৰ পাছত জানিবা তাইৰ পেহীয়েকে কোনোমতে এটুকুৰা কাপোৰ যোগাৰ কৰিবলৈ সক্ষম হ’ল।
সেই ঘটনাৰ কেইমাহমানৰ পাছত মই ৰীমাৰ লগত যেতিয়া কথা পাতিছিলো; দুঃস্বপ্নৰ দৰে সেই অভিজ্ঞতাৰ কথা সুঁৱৰি তাই শিয়ৰি উঠিছিল । সেই পৰিৱেশত তাই কিমান অসহায় অনুভৱ কৰিছিল সেই কথা তাইৰ স্পস্টভাৱে মনত আছিল । সমূহীয়া শৌছাগাৰ সমূহত আৱশ্যকীয় আবুৰ নথকাৰ ফলত ৰীমাৰ দৰে কিশোৰীসকলে শিবিৰত থকা দীঘলীয়া কালচোৱাত পুৰুষৰ দ্বাৰা নিৰ্যাতিত হ’ব লগাত পৰিছিল ।
কোনো নাৰীয়েই এনেদৰে অৱমাননা আৰু লাঞ্চনাৰ বলি হোৱাতো কোনোপধেই বাঞ্ছনীয় নহয় । সেয়ে অসম চৰকাৰৰ প্ৰতি আমাৰ আৱেদন -- যি দহখন জিলাত বানপানী হোৱাৰ প্ৰৱণতা আটাইতকৈ বেছি; সেই কেইখন জিলাত অন্ততঃ ৫০টা আদৰ্শ আশ্ৰয় শিবিৰ নিৰ্মাণ কৰক য’ত নাৰী সুৰক্ষিত আৰু তেওলোকৰ মৰ্য্যদা সুনিশ্চিত হয় ।
সেই আদৰ্শ শিবিৰ সমূহত এনেধৰণৰ মৌলিক সুবিধা থকাতো আমি কামনা কৰো ।
১) নাৰী আৰু পুৰুষৰ বাবে পৃথক শৌচাগাৰ ।
২) মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰীৰ উপৰিও সেইবোৰ স্বাস্থ্যসন্মতভাৱে পেলোৱাৰ ব্যৱস্থা ।
৩) গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক গাখীৰ খুওৱা মাকৰ বাবে আচুতীয়া ঠাই ।
৪) সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ নিয়মীয়া পৰিদৰ্শণ যাতে তেওঁলোকে শিবিৰৰ নাৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ ল’ব পাৰে । যিকোনো নাৰী নিৰ্যাতনৰ ঘটনা দৃষ্টিগোচৰ হ’লে তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিলে মহিলাসকলৰ লগতে ছোৱালীবোৰৰো সুৰক্ষা নিশ্চিত হ’ব ।
আমাৰ বিশ্বাস যে এই কাৰ্য্য সম্পাদন কৰাটো সম্পূৰ্ণ সম্ভৱ । তাৰ কেইবাটাও কাৰণ আছে ।প্ৰথম কাৰণ হ’ল অসমত প্ৰতি বছৰেই বানপানী আহে । দ্বিতীয়তে দেখা যায় যে বিশেষ কিছুমান অঞ্চল সদায়েই ক্ষতিগ্ৰস্ত হয় ।তৃতীয়তে, সাধাৰণতে কিছুমান নিৰ্দিষ্ট বিদ্যালয় নাইবা সমূহীয়া কেন্দ্ৰতেই প্ৰতিবছৰে আশ্ৰয় শিবিৰ পতা হয় ।অসম চৰকাৰে এই কথাৰ সম্পূৰ্ণ সুযোগ ল’ব পাৰে । সেই নিৰ্দিষ্ট বিদ্যালয় নাইবা সমূহীয়া কেন্দ্ৰবোৰত স্থায়ীভাৱে উপযুক্ত পৰিকাঠামো নিৰ্মাণ কৰি শিবিৰসমূহ নাৰীসকলৰ বাবে অধিক নিৰাপদ, স্বাস্থ্যসম্পন্ন আৰু মৰ্য্যদাসম্পন্ন কৰি তুলিব পৰা যায় ।
অসম দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ২০১৫ চনৰ হাতপুথিত দুৰ্যোগৰ সময়ত লিংগ সংবেদনশীলতাৰে কাৰ্য্যপন্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা আছে । কিন্তু এনুৱেল যইন্ত নিডস্ এচেচমেন্টৰ প্ৰতিবেদনত দেখা যায় যে বাস্তৱক্ষেত্ৰত এই নিৰ্দেশনা পালন কৰাৰ কোনো নজিৰ নাই ।
আন আৰু এটা কাৰণত আমি বিশ্বাস কৰো যে এই সমস্যা সমাধান কৰাৰ বাবে অসম চৰকাৰক সহজেই পতিয়ন নিয়াব পৰা যাব কিয়নো এইখন চৰকাৰে অলপতে অনুন্নত আৰু দৰিদ্ৰ প্ৰতিগৰাকী বিয়াৰ কইনাক এক তোলা সোণ দিবৰ বাবে অংগীকাৰ কৰিছে । দেশৰ ছোৱালীৰ বিয়াৰ কথা যিখন চৰকাৰে চিন্তা কৰিছে; সেইখন চৰকাৰে বানপানীৰ সময়ত জীয়াতু ভোগা লাখ লাখ নাৰীৰ সমস্যা নিশ্চয় গুৰুত্তসহকাৰে সমাধান কৰিব ।
আমাৰ দৃঢ় বিশ্বাস যে এই দেশৰ নাগৰিক হিচাবে আমি এনে নাৰী অনুকূল বৰ্নাত্য আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি এক দৃষ্টান্ত দাঙি ধৰিবলৈ অসম চৰকাৰক সৈমান কৰাব পাৰিম ।
অনুগ্ৰহ কৰি এই আবেদন পত্ৰত স্বাক্ষৰ কৰক । আমি প্ৰতিবছৰে অসমক ক্ষতিগ্ৰস্ত কৰা বানপানী ৰোধ কৰিব নোৱাৰিব পাৰোঁ; কিন্তু সেই দুৰ্যোগৰ সময়ত আমাৰ নাৰীসকলৰ মান-সম্ভ্ৰম বজাই ৰখাটো নিশ্চিত কৰিব নিশ্চয় পাৰোঁ ।
#DignityInFloods #SafeSpaces
*Name changed for privacy
Photo credit: Rudrani Ghosh Photography for Sikun Relief Foundation
Links
Joint Needs Assessment Report Assam Flood
https://sphereindiablog.files.wordpress.com/2016/08/jrna-report-assam_flood_2016.pdf
Assam Disaster Management Manualhttp://asdma.gov.in/download/assam_disaster_management_manual_2015.pdf
Menstruating during Floods - a perspective from Assam
https://www.downtoearth.org.in/blog/health/menstruating-during-floods-a-perspective-from-assam-60658
One tola gold scheme for brides announced by Assam Government

Victory

Share this petition
The Decision Makers

Petition Updates
Share this petition
Petition created on 24 March 2019