ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস, ২০ আগষ্ট, ২০২৫

61

Let’s get to 100 signatures!
Petitions with 1,000+ supporters are 5x more likely to win!

The Issue

সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (All India People's Science Network - AIPSN)

ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস, ২০ আগষ্ট, ২০২৫


আৱেদন


শ্রদ্ধেয় ৰাইজ,


২০২৫ চনৰ ২০ আগষ্টত পালন কৰা হ’ব ৮ম ‘ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস'। সংবিধানৰ 51A(h) ধাৰা অনুযায়ী বৈজ্ঞানিক মানসিকতাৰ বিকাশ আৰু প্ৰসাৰ কৰাটো প্ৰতিজন নাগৰিকৰে এক মৌলিক কৰ্তব্য। দেশৰ প্ৰতিজন যুক্তিবাদী, গণতান্ত্ৰিক আৰু সমাজ-সচেতন ব্যক্তি আৰু সংগঠনক এই গুৰুত্বপূৰ্ণ সংবিধানিক কর্তব্য পালন কৰিবলৈ পুনৰ দৃঢ়তাৰে ঐক্যবদ্ধ হ'বলৈ আমি আহ্বান জনাওঁ।


২০ আগষ্টৰ দিনটোৰ গুৰুত্ব অপৰিসীম। এই দিনটোতেই নিৰ্ভীক যুক্তিবাদী, অন্ধবিশ্বাসৰ বিৰুদ্ধে অক্লান্ত প্ৰচাৰক আৰু বৈজ্ঞানিক মানসিকতাৰ অটল সমৰ্থক ডাঃ নৰেন্দ্ৰ ডাভোলকাৰ নিৰ্মম হত্যাৰ বলি হৈছিল। যুক্তিবাদী চিন্তাচর্চাক নিস্তব্ধ কৰিবলৈকে হিন্দুত্ববাদী শক্তিবোৰে তেওঁক হত্যা কৰিছিল। ঠিক পিছতেই একেধৰণৰ নৃশংস হত্যাৰ বলি হৈছিল গোৱিন্দ পানচাৰে, অধ্যাপক এম এম কালবুৰ্গী আৰু শ্ৰীমতী গৌৰী লংকেশ, যিসকলৰ প্ৰত্যেকেই ন্যায়, সততা আৰু মানৱীয় মৰ্য্যাদাৰ ভিত্তিত যুক্তি, সমালোচনাত্মক অনুসন্ধান আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ একোজন ধ্বজাবাহক আছিল৷ তেওঁলোক আজি বাকৰুদ্ধ; কিন্তু তেওঁলোকৰ দৰ্শনেই হ’ল ‘ৰাষ্ট্ৰীয় বিজ্ঞানমনস্কতা দিৱস' পালনৰ পথ নিৰ্দেশক। ২০১৮ চনতে সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক (AIPSN)-এ মহাৰাষ্ট্ৰ অন্ধশ্রদ্ধা নির্মূলন সমিতি (MANS)ৰ সহযোগত আৰম্ভ কৰা এই দিৱসটো আজি এক গণআন্দোলনত পৰিণত হৈছে। বছৰ বছৰ ধৰি ই যুক্তিবাদী আৰু সামাজিক ন্যায়ৰ প্ৰতিশ্ৰুতিৰে ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী, শিক্ষক, সমাজকৰ্মী আৰু সচেতন নাগৰিকৰ এক উমৈহতীয়া মঞ্চত পৰিণত হৈছে।


ভাৰতবৰ্ষৰ সংবিধান প্রণেতা ড° আম্বেদকাৰে গভীৰভাৱে বিশ্বাস কৰিছিল যে ভাৰতৰ প্ৰগতি আৰু সমাজ ৰূপান্তৰৰ বাবে অপৰিহাৰ্য হ'ল বৈজ্ঞানিক মানসিকতাৰ বিকাশ। তেওঁৰ বাবে ই কেৱল মাত্র এক মানসিক স্থিতি নহয়, বৰং ই হ'ল যুক্তিবাদী চিন্তা, সমালোচনাত্মক অনুসন্ধান আৰু প্রমাণ ভিত্তিক যুক্তিৰে বদ্ধমূল অন্ধবিশ্বাস আৰু বৰ্ণবাদৰ দৰে সামাজিক ব্যাধিক মষিমূৰ কৰাৰ এক অস্ত্ৰ। আম্বেদকাৰৰ দৃষ্টিত বিজ্ঞান হ'ল এক গণতান্ত্রিক শক্তি যিয়ে বর্ণ-শ্রেণী নির্বিশেষে সকলোকে জ্ঞানেৰে আলোকিত কৰে আৰু সকলো ব্যক্তিকে অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ আৰু অত্যাচাৰী শাসন যন্ত্ৰক ভাঙি পেলাবলৈ সক্ষম কৰি তোলে।


বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ যাত্ৰাত এক উল্লেখযোগ্য মাইলৰ খুঁটি হ'ল ২৮ ফেব্ৰুৱাৰী, 2024ত কলিকতাত অনুষ্ঠিত হোৱা বিজ্ঞানমনস্কতাৰ ঘোষণাৰ বাবে ৰাষ্ট্ৰীয় অভিৱৰ্তন। কলিকতা ঘোষণা পত্ৰৰেই আহ্বান হ'ল প্রমাণভিত্তিক যুক্তিবাদ, সমালোচনাত্মক চিন্তন আৰু গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত পুনৰ আস্থা স্থাপন। ১৯৮১ আৰু ২০১১ চনৰ পূৰ্বৰ ঘোষণাপত্ৰৰ পৰৱৰ্তী সময়ত হোৱা গভীৰ সামাজিক আৰু প্ৰযুক্তিগত পৰিৱৰ্তনক গুৰুত্ব দি কলিকতা ঘোষণাপত্ৰই বিজ্ঞানমনস্কতাৰ ক্ষেত্ৰখনক আৰু বহলাই তুলিছে। লগতে সংযোজন কৰিছে প্ৰাকৃতিক বিজ্ঞান, সমাজবিজ্ঞান আৰু সাধাৰণ মানুহৰ প্ৰচলিত যুক্তিবাদক। আজিৰ যুগত বিয়পি থকা ভুল তথ্য, অপবিজ্ঞান আৰু কৃত্রিম অজ্ঞতাক আমি জ্ঞান, যুক্তি আৰু সহানুভূতিৰে মোকাবিলা কৰিবই লাগিব ৷


২০২৫ চনৰ বিজ্ঞানমনস্কতা দিৱস হ'ল এই বছৰ ১ আগষ্টৰ পৰা ছেপ্টেম্বৰ মাহলৈ ‘প্ৰশ্ন কৰা’ (Ask why) এই শক্তিশালী বিষয়বস্তুৰ ওপৰত এক উৎসাহজনক আৰু ব্যাপক অভিযানৰ অংশ। আমাৰ চতুর্দিশে ঘটি থকা বিভাজন, বৈষম্য আৰু হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ অনুসন্ধিৎসা, সমালোচনা আৰু সাহস পুনৰুজ্জীৱিত হওক। বন্ধ হওক হত্যা, বন্ধ হওক যুদ্ধ, বন্ধ হওক বৰ্ণ, ধৰ্ম, নৃগোষ্ঠীগত আৰু জাতিভিত্তিক সকলো বিদ্বেষ আৰু বিভাজনৰ প্ৰচাৰ ৷ বন্ধ হওক মণিপুৰ, গাজাৰ দৰে হত্যাকাণ্ড। দেশ-বিদেশ সকলোতে প্রতিষ্ঠা হওক শান্তি। যুদ্ধ আৰু নৰসংহাৰ সদায়েই যুক্তিৰহিত ৷ শান্তিয়েই হ'ল যুক্তিবাদ আৰু বিচাৰবুদ্ধিৰ বিজয়।


সমগ্র দেশখনতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব— ৰেলী, মানৱ শৃংখল, ৰাজহুৱা বক্তৃতা, বাটৰ নাট, গীত, প্ৰদৰ্শনী, পোষ্টাৰ অভিযান, তর্ক প্রতিযোগিতা, চলচ্চিত্র প্রদর্শন, ব্যৱহাৰিক পৰীক্ষা, অন্ধবিশ্বাস বিৰোধী সজাগতা আৰু বিজ্ঞানীসকলক সাক্ষাৎ কৰা ইত্যাদি। এই অনুষ্ঠানসমূহৰ লক্ষ্য কেৱল বিজ্ঞানমনস্কতাৰ উদযাপনেই নহয়, দেশৰ সাংবিধানক সুৰক্ষা দিয়াটোও এক মহান কর্তব্য।

নিম্নলিখিত তাৎক্ষণিক ব্যৱস্থাসমূহৰ বাবে আমি আহ্বান জনাওঁ—


১। অনুচ্ছেদ 51A(h) ৰক্ষা কৰক ঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে শিক্ষা আৰু প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিজ্ঞান যোগাযোগ তথা ৰাজহুৱা প্ৰচাৰ আদি সকলো ক্ষেত্ৰতে বৈজ্ঞানিক মানসিকতাক প্ৰসাৰিত কৰি সাংবিধানিক কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব ৷


২। বিজ্ঞান, শিক্ষা আৰু কলাত অৰ্থপূৰ্ণ বিনিয়োগ কৰক : আমি শিক্ষা, বৈজ্ঞানিক গৱেষণা, মানৱ বিদ্যা আৰু কলাৰ ক্ষেত্ৰত অধিক ৰাজহুৱা বিনিয়োগৰ দাবী জনাওঁ— যিবোৰ সকলো যুক্তি, সৃষ্টিশীলতা, সমালোচনাত্মক চিন্তন আৰু বৈচিত্ৰ্যৰ প্ৰতি মৰ্যাদা প্ৰদানৰ ভিত্তিস্বৰূপ ৷


৩। শৈক্ষিক আৰু বৌদ্ধিক স্বাধীনতা ৰক্ষা কৰক : শিক্ষা আৰু গৱেষণাৰ প্ৰতিষ্ঠানসমূহক ৰাজনৈতিক হস্তক্ষেপ, মতাদর্শগত নিয়ন্ত্ৰণ আৰু বিজ্ঞান-বিৰোধী অপপ্ৰচাৰৰ পৰা নিলগত ৰাখক ।


৪। অপবিজ্ঞান, কল্পবিজ্ঞান আৰু অন্ধবিশ্বাসৰ প্ৰসাৰ প্ৰতিহত কৰক : আমি অসত্য দাবী, অযৌক্তিক ৰক্ষণশীলতা আৰু অন্ধবিশ্বাসক মোকাবিলা কৰিব লাগিব আৰু অন্ধবিশ্বাসক মোকাবিলা কৰিব লাগিব অনুসন্ধান, পৰীক্ষণ আৰু মুক্ত গণতান্ত্রিক আলোচনাৰ মাজেৰে । লগতে আমি সমগ্ৰ ভাৰততে এখন অন্ধবিশ্বাস বিৰোধী আৰু ক'লা যাদু নিবাৰক আইন প্রণয়ন কৰিবলৈ দাবী জনাওঁ ।


সদৌ ভাৰত জনবিজ্ঞান নেটৱৰ্ক, সমন্বয়ৰক্ষী সমিতি, অসম

অংশীদাৰ সংগঠন— ইলোৰা বিজ্ঞান মঞ্চ, জ্ঞান বিজ্ঞান সমিতি অসম, চি আৰ ইউ (এন ই আৰ)

Petition Updates

Share this petition

Petition created on 7 August 2025