Justice for Homoeopath in Assam.

0 have signed. Let’s get to 100!


মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হস্তক্ষেপৰ দাবীৰে :

ঐতিহাসিক অসম আন্দোলন অসমত এক দীঘলীয়া কালজোৰা চলিছিল।এই
আন্দোলন আছিল অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন।যাদৱ নাথ আছিল সেই সময়ৰ ছাত্ৰ সন্থাৰ এজন অন্যতম সক্ৰিয় কৰ্মী তথা গুৱাহাটীস্থ হোমিওপেথিক কলেজৰ এজন ছাত্ৰ।অতি কম বয়সতে তেওঁ অসমীয়াৰ অস্তিত্ব যে সংকটত সেই কথা অনুধাৱন কৰিব পাৰিছিল আৰু সেইবাবেই তেওঁ সেই ঐতিহাসিক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত নামি পৰিছিল।
কিন্তু নিয়তিৰ কি পৰিহাস জীৱনৰ অতি কম সময়তে তেওঁ পুলিচৰ গুলীত প্রান হেৰুৱাব লগা হৈছিল। নিমিষতে অসমীয়াই উঠি অহা এক তেজাল ডেকাক হেৰুৱাই পেলাইছিল।এয়া হোমিওপেথিকৰ বাবেও এক বৃহৎ আঘাত শ্বৰূপ আছিল।
তেখেতক শ্বহীদ হিচাপে ঘোষণা কৰা হল,গুৱাহাটীস্থ হোমিওপেথিক কলেজৰ নাম শ্বহীদৰ নামেৰে নামাকৰণ কৰাৰ পাছত চৰকাৰীকৰন হয়।
উল্লেখযোগ্য যে উক্ত কলেজৰ চৰকাৰীকৰনত সেই সময়ত ছাত্র সন্থাই যথেষ্ট অৰিহনা যোগাইছিল।তথ্য অনুসৰি সেই সময়ত গুৱাহাটী ছাত্ৰ সন্থাৰ অন্যতম হোতা আছিল স্বয়ং বৰ্তমানৰ স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী আছিল চন্দ্ৰমোহণ পাটৱাৰী ডাঙৰীয়া। মহাবিদ্যালয় খন চৰকাৰীকৰণত ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগভাগ লৈছিল। তেতিয়াৰ চৰকাৰৰ লগত উপৰ্যুপৰি আলোচনা কৰিছিল তথা পৰৱৰ্তী সময়ত অসম আন্দোলনৰ শ্বহীদ জনৰ নামত কলেজ খন চৰকাৰী কৰণত সফলো হৈছিল।

কিন্তু অতি পৰিতাপৰ কথা যে কলেজ চৰকাৰীকৰণ হল, শ্বহীদৰ বেদী নিৰ্মাণ হল কিন্তু কলেজৰ উন্নয়নৰ বাবে আজিলৈকে কোনো এখন চৰকাৰেই বিশেষ গুৰুত্ব প্ৰদান নকৰিলে।
ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তিনিটা কালৰো অধিক সময় ধৰি চৰকাৰৰ স্বাস্থ্য আৰু শিক্ষা বিভাগৰ দায়িত্বত থাকিও এসময়ত নিজে চৰকাৰী কৰণত আগভাগ লোৱা কলেজ খনৰ উন্নয়নত গুৰুত্ব নিদিলে।
প্ৰত্যেক বছৰে মহাবিদ্যালয় পৰিয়ালে শ্বহীদ দিৱস পালন কৰি আহিছে।শ্বহীদৰ পৰিয়ালকো নিমন্ত্ৰণ কৰা হয়, পৰিয়ালে যথেষ্ট আক্ষেপ প্ৰকাশ কৰে শ্বহীদ জনক উচিত মূল্য চৰকাৰে প্ৰদান নকৰাৰ বাবে।আমি শ্বহীদ যাদৱ নাথ হোমিওপেথিক মহাবিদ্যালয়ৰ সমুহ পৰিয়াল শ্বহীদ যাদৱ নাথৰ পৰিয়ালৰ ওচৰত চিৰ ঋণী।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজে হোমিওপেথিক চিকিৎসক নিবিচাৰে বুলি কৈ শ্বহীদৰ পৰিয়াল তথা সমূহ হোমিওপেথিকৰ পৰিয়ালৰ আৱেগ অনুভূতিক আঘাত দিয়া কাৰ্যক নিন্দা কৰিছোঁ।হোমিওপেথিক চিকিৎসা বিজ্ঞান পদ্ধতি অসমৰ পৰা নাইকিয়া কৰি শ্বহীদৰ নাম মোহাৰি দিয়াৰ যি ধাৰণা তাক আমি একেমুখে ধিক্কাৰ জনাইছোঁ।নিজৰ স্বাস্থ্য বিভাগৰ ব্যৰ্থতা ডাকিবলৈ এনে ধৰণৰ মন্তব্য পৰিহাৰ কৰি কলেজ কেইখনৰ উন্নয়ন ,উত্তীৰ্ণ চিকিৎসক সকলক নিয়মীয়া নিযুক্তি ,শ্বহীদৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা তথা মহাবিদ্যালয় খনৰ সৰ্বাংগীন উন্নয়নত মন দি হোমিওপেথিক চিকিৎসা বিজ্ঞান আৰু শ্বহীদ যাদৱ নাথৰ নাম অসম তথা ভাৰতবাসীৰ আগত জনপ্ৰিয় তথা উজলাই তোলাত গুৰুত্ব প্রদান কৰি নিজৰ স্বচ্ছতাৰ পৰিচয় দিয়ক।

যোৱা কেবাটাও দশক জুৰি চৰকাৰক উক্ত সমস্যাৰ বিষয়ে জনায় থকাৰ পাছতো ফলপ্ৰসূ হোৱা নাই যাৰ বাবে আজি মহাবিদ্যালয় কেইখনৰ ছাত্র ছাত্ৰী, চিকিৎসক সকল আন্দোলনত নামিব লগীয়া হৈছে।অসমৰ পৰা উত্তীৰ্ণ হৈ যোৱা হোমিওপেথিকৰ চিকিৎসকসকল বহি: ৰাজ্যত যেনে মেঘালয়, অৰুণাচল আদিৰ অতি দূৰ্গম এলেকাতো স্বাস্থ্য সেৱা আগবঢ়াই আহিছে অসমত নিযুক্তি নিদিয়াৰ বাবে।কলেজ বিলাকত পৰ্যাপ্ত শিক্ষক নথকা,Allied বিষয় সমূহত স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নথকা, মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ আন্তঃগাঁথনি নিম্ন আদি কৰি বিভিন্ন সমস্যাই জুৰুলা কৰি পেলাইছে।
অত্যন্ত মেধাৱী ছাত্ৰ ছাত্ৰী সকলে প্ৰত্যেক বছৰে মহাবিদ্যালয় কেইখনত যথেষ্ট কঠিন প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নামভৰ্তি লৈ আছে।যদি চৰকাৰখনে নিয়মীয়া নিযুক্তি তথা পাঠদানৰ উন্নত পৰিবেশ দিব নোৱাৰে তেতিয়া এই মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত অন্ধকাৰত ঠেলি দিয়াৰ অধিকাৰ কত পালে সেয়া এক বিচাৰ্য বিষয়।

জাতি মাটি ভেটি ৰক্ষা কৰাৰ নামত ক্ষমতালৈ অহা চৰকাৰৰ দিনতো শ্বহীদৰ নামত উৎসৰ্গিত মহাবিদ্যালয়ৰ এনে দুৰৱস্থা খুবেই দুৰ্ভাগ্যজনক।আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্থক্ষেপ বিচাৰিছোঁ ।গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত এই মহাবিদ্যালয় খনত নিজে এবাৰ ভ্ৰমণ কৰি ইয়াৰ পৰিস্থিতিৰ বুজ লবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ।কেৱল শ্বহীদৰ বেদী নিৰ্মাণ কৰিয়েই দায়িত্ব শেষ কৰিলে নহব, সৰ্বাংগীন উন্নয়ন খুৱেই প্ৰয়োজন ।



Today: Jubair is counting on you

Jubair Al Habib needs your help with “Chief Minister of Assam: Justice for Homoeopath in Assam.”. Join Jubair and 54 supporters today.