Banned the firecrackers at Assam

Banned the firecrackers at Assam

Started
6 November 2020
Petition to
1,000000
Signatures: 66Next Goal: 100
Support now

Why this petition matters

Started by Assam Environment Protection Club

প্ৰতি
সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়
অসম।


বিষয় : প্ৰদূষণমুক্ত দেৱালী উদযাপনৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন


মহোদয়,
আগন্তুক পোহৰৰ উৎসৱ দীপাৱলীৰ সম্ভাষণ আৰু ওলগ গ্ৰহণ কৰিব। বিশ্বজুৰি বাঢ়ি অহা পৰিবেশ প্ৰদূষণ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত মানৱ জাতিৰ অবিবেচক ধ্বংসকাৰ্যই চলোৱা প্ৰভাৱৰ বিষয়ে সকলো জ্ঞাত। পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ নামত আতছবাজীৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে প্ৰতিবছৰে আমাৰ জীৱকুল আৰু সমগ্ৰ পৰিপাৰ্শ্বক ভয়ংকৰভাবে ক্ষতিগ্ৰস্ত কৰিছে। ধোঁৱা আৰু উচ্চ প্রাবল্যৰ শব্দ হাওঁফাওঁ জনিত সমস্যা, নাক-কাণ-চকুৰ দৰে ইন্দ্ৰিয়জ জনিত সমস্যাৰ বৃদ্ধিৰ মুখ্য কাৰক। লগতে শিশু,বৃদ্ধ আৰু গৰ্ভৱতী মহিলাৰ স্বাস্থ্যটো এইবোৰে মাৰাত্মক প্ৰভাৱ পেলায়। শেষতীয়াকৈ ক'ভিড -১৯ য়ে সৃষ্টি কৰা শাৰীৰিক জটিলতা সমূহৰ ক্ষেত্ৰতো ফটকা-আতছবাজীৰ ব্যৱহাৰে বিৰূপ প্ৰভাৱে পেলাব। তদুপৰি আমাৰ চৌপাশৰ চৰাই-চিৰিকতি আৰু আন জীৱ-জন্তুৰ বাবেও ইয়াৰ প্ৰভাৱ বিপদজনক তথা সমগ্ৰ জৈৱ বৈচিত্ৰ্যই দীপাৱলীৰ নামত হোৱা এই বন্য উল্লাসত ক্ষতিগ্ৰস্ত হয়। এই দিশটোৱে মনত ৰাখি দেশৰ কেইবাখনো ৰাজ্য যেনে পশ্চিমবঙ্গ,ৰাজস্থান, দিল্লী, উৰিষ্যা, চিকিম আদিত শব্দ আৰু বায়ু প্ৰদূষণ সৃষ্টি কৰা সকলো আতছবাজীৰ ব্যৱহাৰ ৰাজ্য চৰকাৰসমূহে নিষিদ্ধ ঘোষণা কৰিছে। সেইবাবে অসম চৰকাৰেও এই ক্ষেত্ৰত এক দৃষ্টান্তমূলক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি আতছবাজী নিষিদ্ধ কৰাৰ উদ্যোগ লবলৈ আৰু ৰাইজক পৰিবেশ অনুকূল দেৱালী উদযাপনৰ বাবে আগ্ৰহী হবলৈ এই আবেদন জনালো। আশা কৰো, আপুনি এই ক্ষেত্ৰত লব পৰা কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্ত আমাৰ জীৱন চৰ্যা আৰু পৰিৱেশৰ বাবে এক ইতিবাচক পদক্ষেপ হব।

ধন্যবাদেৰে-

অনিন্দিতা কটকী

পঞ্চানন হাজৰিকা

মনচুন গগৈ

বিকি গগৈ

সুকন্যা গগৈ

ঈষানী কটকী

বন্তি ভট্টাচাৰ্য

অৰ্ণৱ শইকীয়া

ৰিতুপৰ্ণা শৰ্মা

ৰুবী দিহিঙীয়া

জিতা বৰুৱা

মেঘালী দাস

স্বাগতা ইত্যাদি

 

 

 

 

 

 

 

 

 

Support now
Signatures: 66Next Goal: 100
Support now

Decision Makers

  • 1,000000